10
Jul
2017

ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ আৰু জটিল ৰূপ লোৱাৰ পাছতো নিৰ্বিকাৰ চৰকাৰ। বানে পথাৰ, ঘৰ, পথ, অৰণ্য, পশুধনৰ বিস্তৰ ক্ষতি কৰাৰ লগতে এইমুহূৰ্তলৈ ৩০ জনকৈ লোকৰ প্ৰাণ হানি কৰিছে। কেৱল ছ’চিয়েল মিডিয়া, মোবাইল ফোন আৰু বিজ্ঞাপনত চলি থকা চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই জনতাক আওকাণ কৰি অহিত কামত অধিক সময় ব্যয় কৰি আছে। নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰা এই অন্ধবিশ্বাসী চৰকাৰখন এতিয়া বান্ধ লবীৰ আওতাত। আনহাতে আশ্বৰ্যজনকভাৱে নিমাত সংবাদ মাধ্যমো। বানে ৰাজ্য বিপৰ্যস্ত কৰাৰ সময়ত তেওঁলোক অধিক ব্যস্ত গান-বাজনা কৰাত। ইয়াত আকৌ উজান দি আছে ‘শিল্পী’ নামধাৰী এচাম ‘নৌতংকী’য়ে।