ৰাজ্যৰ গৰিষ্ঠসংখ্যক লোক এতিয়া বানত ককবকাই হাহাকাৰ কৰি আছে। চৰকাৰে এতিয়াও আশ্বাসৰ ৰাজনীতিয়েই কৰি আছে। চিৰাচৰিতভাৱেই দিল্লী নিদ্ৰাত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কথাতো কৈ লাভেই নাই। আৰু নিজক জহোৱাত কাজী অসমৰ সংবাদ মাধ্যম অতিকৈ ব্যস্ত গান-বাজনা আৰু ‘এজন’ক লৈ । বাকী সচেতন বুলি দাবী কৰা একাংশও এতিয়া সেই ‘এজন’ক লৈয়ে ব্যস্ত। এই ‘এজন’জন সম্পূৰ্ণ সফল, ৰাইজক বানৰ বিভীষিকাৰ পৰা আঁতৰাই ৰাখিবলৈ। তাতোকৈ ডাঙৰ কথাটো হৈছে এই দুৰ্যোগৰ দিনত আমাৰ অধিকাংশ ব্যস্ত ধৰ্মৰ ৰাজনীতিক লৈ। ৩০ জনতকৈও অধিক লোকৰ বানত প্ৰাণ হানি হ’ল, ক’তো এটি বাৰলৈ এফাঁকি প্ৰাৰ্থনা উচ্চাৰিত নহ’ল। আচৰিত অসম!