জল আপদ!

মাজুলীত আজি ক্ষোভিত আৰু বঞ্চিত বন্যাৰ্তই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ চৰকাৰৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ ঘটনা অতি নিন্দনীয়। বন্যাৰ্তক এই মুহূৰ্তত প্ৰয়োজন সহায় আৰু সাহায্যৰ। আনহাতে, সৰ্বস্বান্ত হোৱা এই মানুহখিনিয়ে ন্যায্য প্ৰাপ্যৰ বাবে নিজে নিৰ্বাচিত কৰা চৰকাৰখনৰ ওচৰত প্ৰাতিবাদ কৰাটো তেওঁলোকৰ অধিকাৰ। আৰু সেই অধিকাৰকেই, সেইখিনি মানুহৰ দ্বাৰাই ৰাজপাট দখল কৰা সকলৰ এজনে অতি নিৰ্লজ্জৰ দৰে আজি পদপিষ্ট কৰি স্পষ্ট কৰি দিলে যে এইখন চৰকাৰ সমূলি স্বেচ্ছাচাৰী আৰু জনবিৰোধী।