মন কী বাতাবৰণ!

মুঠ কথাত কেন্দ্ৰীয় চৰকাৰে যে বান সাহায্যৰ নামত অসমক ফুটাকড়ি এটাও নিদিয়ে, সেয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শেহতীয়া স্থিতিয়ে বাৰুকৈ প্ৰমাণ কৰিলে। যিমানেই কল্যাণকামী চৰকাৰ বুলি দিল্লীয়ে দাবী নকৰক কিয় অসমৰ ক্ষেত্ৰত যে দিল্লীয়ে সদায় লুণ্ঠন চলাই বিপদত মাত এষাৰো দিবলৈ অপাৰগ সেয়া আকৌ এবাৰ স্পষ্ট কৰি দিলে। এক কথাত দিল্লীয়ে অসমক সহায়-সাহায্য আগবঢ়াবলৈ নাপালেই ৰক্ষা পৰে, আনন্দ পায়।