16
Jul
2017

নতুন চৰকাৰ অহাৰ পাছতেই ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ’ব বুলি চৰকাৰে কৰা ঘোষণা এতিয়া ওফাইদাঙলৈহে পৰিৱৰ্তন হৈছে। পূৰ্বৰ পৰম্পৰা অব্যাহত ৰাখি বিদ্যুৎ বিভাগে অনিয়মীয়া বিদ্যুৎ যোগানেই নহয়, বিদ্যুৎ পৰিবাহী ব্যৱস্থাতো গাফিলতি অব্যাহত ৰখাৰ ফলত যোৱা দিন কেইটাত কেইবাজনো লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। ইমানৰ পাছতো বিভাগীয় মন্ত্ৰী পল্লৱলোচন দাসে ৰাজহুৱা স্থানত অট্টহাস্য কৰি এই ঘটনা আৰু বিষয়টোক পেংলাই কৰাহে দেখা গ’ল। আনহাতে বিহিত বা কৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বিপৰীতে চৰকাৰে বিজ্ঞাপন দিয়েই দায় সাৰি থৈছে।