
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে চৰকাৰৰ আন এক সিদ্ধান্তই সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে সকলোকে আচৰিত কৰি লতাশিল থানাত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে আৰক্ষীয়ে দেশদ্ৰোহিতাৰ অভিযোগত ৰুজু কৰে নিজাববীয়া গোচৰ।
৭ জানুৱাৰীত গুৱাহাটী ক্লাবত অনুষ্ঠিত ধিক্কাৰ দিৱসত প্ৰদান কৰা ভাষণৰ বাবে বিশিষ্ট চিন্তাবিদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জনাইছে আৰক্ষীয়ে।
এই গোচৰৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড০ হীৰেন গোহাঁইয়ে সাংবাদিকৰ আগত কয় যে সেইদিনাৰ সভাত ভিন্নজনে স্বাধীন অসমৰ দাবী প্ৰাসংগিক হৈ পৰা বুলি কৰা মন্তব্য শুনি তেওঁ নিজৰ মতামত ব্যক্ত কৰিছিল। 'সেইদিনা বহুতে স্বাধীন অসমৰ দাবী প্ৰাসংগিক হৈ পৰা বুলি উত্তেজিত মন্তব্য কৰিছিল। তাকে শুনি মই মোৰ মন্তব্যত কৈছিলো যে যদিহে চৰকাৰে অসমৰ দল-সংগঠন তথা জনগণৰ মতামতলৈ গুৰুত্ব নিদি গণতান্ত্ৰিক প্ৰতিবাদক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে তেতিয়াহে স্বাধীন অসমৰ দাবী পুনৰ প্ৰাসংগিক হৈ পৰিব পাৰে।’-বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয়।
ড০ হীৰেন গোহাঁইৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধেও দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। ইমানেই নহয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পিছতে হ’ব পৰা প্ৰতিবাদ দমন কৰিবলৈকো উঠি পৰি লাগিছে চৰকাৰ। এই অনুযায়ী সমগ্ৰ গুৱাহাটীতে আজি জাৰি কৰা হৈছে ১৪৪ ধাৰা।
ইফালে, ড০ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। ড০ গোহাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা এনে কাৰ্যক সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ফেঁচীবাদ আখ্যা দিছে প্ৰতিটো দল-সংগঠনে। চৰকাৰে দেশদ্ৰোহৰ গোচৰ জাপি দি ১৪৪ ধাৰা জাৰি কৰি বাক স্বাধীনতাত আঘাত হনাৰো অভিযোগ তুলিছে ভিন্নজনে।