গুৱাহাটীঃ অখিল গগৈৰ সৈতে একেখন সভাত উপস্থিত থকা আলফা নেতা জীতেন দত্তক গ্ৰেপ্তাৰৰ বাবে সাজু হৈছে অসম আৰক্ষী। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতা অখিল গগৈক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পাছৰে পৰা ৰাজ্য উত্তাল হৈ থকাৰ সময়তে নগাঁও কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জন সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন আলফা নেতা জীতেন দত্তক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছে৷

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই জাননী জাৰি কৰে প্ৰাক্তন আলফাগৰাকীক৷ মৰাণৰ বামুণবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত সমাৱেশত অখিলৰ সৈতে উপস্থিত আছিল আলফানেতাগৰাকী৷ যোৱা মঙলবাৰে অনুষ্ঠিত সমাৱেশত অখিলে অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ সকলোকে আহ্বান জনাইছিল।

এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰে এটি গোচৰ৷ ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ  অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গোলাঘাটৰ চানমাৰিৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। অখিলক আটক কৰাৰ পিছতে ডিব্ৰুগড় সদৰ থানাৰ ভিতৰ-বাহিৰ উত্তাল কৰি তুলিছিল অখিলৰ সমৰ্থক তথা ৰাইজে।

গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ৰাজ্য জুৰি দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তাৰ মাজতে জীতেন দত্তক ১৭ চেপ্তেম্বৰত মৰাণৰ বামুণবাৰী আৰক্ষী থানাত হাজিৰ হোৱাৰ জাননী জাৰি কৰাৰ পাছৰে পৰা ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে অখিলৰ সৈতে একেখন সভাত উপস্থিত থকা জীতেন দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১২১(এ)/১২৪(এ)/১০৯/১৫৩/১৫৩(এ) ধাৰাত ১৮০/১৭ নম্বৰত গোচৰ ৰুজু কৰি জাননী জাৰি কৰে৷ জানিব পৰা মতে, আৰক্ষীয়ে এই জাননী জাৰি কৰাৰ পাছৰে পৰা উজনি-নামণি অসমত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ একাংশ প্ৰাক্তন আলফাই জীতেন দত্তক গ্ৰেপ্তাৰ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে৷