
www.newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচাহৰ বন্যা বৈছে৷ ৫৬.০৪ শতাংশ উৰ্ত্তীৰ্ণৰ হাৰেৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বিগত বৰ্ষসমূহতকৈ কিছু পৰিমাণে হ’লেও উন্নত হোৱা দেখিবলৈ পোৱা গৈছে৷ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতি অৰ্জন কৰি নিজৰ বিদ্যালয়খনলৈ, পৰিয়াল আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ এদিন পিছতেই শনিবাৰে ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল৷ ৰাজ্যৰ মুঠ ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে অৱৰ্তীৰ্ণ হোৱা চিবিএছই পৰীক্ষাৰ ফলাফল তিনিটা ৱেৱটাইট যোগে প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
► http://www.cbseresults.nic.in
► http://www.cbse.nic.in
► http://www.results.nic.in
ছাত্ৰ-ছাত্ৰীসকলে এই লিংকত গৈ পৰীক্ষাৰ ফলাফল সমূহ লাভ কৰিব পাৰিব৷