
ডিজিটেল ডেস্কঃ CBSEৰ দ্বাদশ শ্ৰেণীৰ হিচাপৰক্ষণৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হয় ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰশ্নকাকত শ্বেয়াৰ কৰাৰ পিছত এই খবৰ পোহৰলৈ আহে৷ দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই বৃহস্পতিবাৰে পুৱা হোৱাটছএপৰ জৰিয়তে কাকত প্ৰচাৰ হোৱাৰ কথা স্পষ্ট কৰে৷
CBSE is one of the most reputed organizations. I'm sure they will take swift action and try to find out how the paper reached whatsApp right before the exam.
— Manish Sisodia (@msisodia) March 15, 2018
If a particular center is at fault then let not all the students suffer. https://t.co/Swy08OQkCn
ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱা প্ৰশ্নকাকতখনৰ চেট-২ হিচাপৰক্ষণৰ প্ৰশ্নকাকতৰ সৈত মিল আছে বুলি প্ৰকাশ। CBSE-এ তদন্ত সমিতি গঠন কৰি তদন্ত কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে CBSE-এ প্ৰশ্নকাকত ফাদিল হোৱাৰ অপপ্ৰচাৰ চলোৱাৰ চেষ্টা চলাইছে বুলি কৈ বিষয়টো পাতলাবলৈ চেষ্টা কৰে।৷
Received complaints about the Class 12 CBSE Accountancy paper being leaked. Have asked officers of Directorate of Education to investigate and lodge a complaint with CBSE.
— Manish Sisodia (@msisodia) March 15, 2018
Swift action must be taken, so that hard-working students don't suffer due to negligence of CBSE.
সকলোবোৰ পৰীক্ষাকেন্দ্ৰতে কোনো সাল-সলনি নকৰাকৈ আগৰ দৰে সকলো মোহৰ থকা প্ৰশ্নকাকতৰ পেকেট থকা বুলি উল্লেখ কৰে চিবিএছচিয়ে। ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই একাউন্টছৰ পৰীক্ষাত বাধা দিয়াসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি শিক্ষা ব’ৰ্ডে প্ৰকাশ কৰে।
দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোড়িয়াই টুইট কৰি কয়, শীঘ্ৰে এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰিব লাগে, CBSEৰ গাফিলতিৰ বাবে কষ্ট কৰি পঢ়া ছাত্ৰ-ছাত্ৰীসকলে যাতে অসুবিধাত পৰিবলগীয়া নহয়।