ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰিৰ ৪ নং আমজুলিত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। অঞ্চলটোৰ স্থানীয় লোকসকলে অজগৰডাল উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

প্ৰায় ১৩ফুট দৈৰ্ঘ্য আৰু প্ৰায় ১২কিল'গ্ৰাম ওজনৰ উদ্ধাৰ হোৱা অজগৰডাল চাবলৈ বিভাগটোৰ কাৰ্যালয়ত উপস্থিত হয় অসংখ্য স্থানীয় ৰাইজ।পাছত ধনশিৰি মাণ্ডলিক বন বিষয়া মাধুৰ্য্য শৰ্মাৰ পৰ্যবেক্ষণত অজগৰডাল ননৈ সংৰক্ষিত বনাঞ্চলত এৰি দিয়াৰ কথা জানিবলৈ দিয়ে।