বৰপথাৰঃ ভক্তিৰ ৰসেৰে পূৰ্ণ পবিত্ৰ ভাদ মাহ৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ সৰ্বত্ৰে ধৰ্মানুৰাগী ৰাইজৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতি৷

কাৰ্বি আংলং জিলাৰ ‌অন্তৰ্গত বৰপথাৰ আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ উদ্যোগতো ১৩, ১৪ আৰু ১৫ আহিন, ৫৬৯ শংকৰাব্দ (ইং ৩০চেপ্তেম্বৰ ,১ আৰু ২ অক্টোবৰ, ২০১৭) শনি, দেও আৰু সোমবাৰে তিনিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালনৰ প্ৰস্তুতি চলোৱা হৈছে৷

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়নেৰে অনুষ্ঠিত কৰিবলৈ লোৱা অনুষ্ঠানটোত অঞ্চলটোৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আদৰণী সমিতিৰ সভাপতি শ্ৰী তৰুণ চন্দ্ৰ বৰা আৰু সম্পাদক শ্ৰী দ্বীপেন শ‌ইকীয়াই।