
ডিজিটেল ডেস্কঃ দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে দিনে-নিশাই অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সেৱা আগবঢ়াই অহা সেনা জোৱানৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ শেহতীয়াকৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে। প্ৰতিবেদন মতে সেনা জোৱানৰ মাজত মানসিক চাপ, নিসংগতা, অস্থিৰতাই ছানি ধৰিছে।
প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ৬ বছৰত চেণ্ট্ৰেল আৰ্ম পুলিছ ফৰ্ছৰ প্ৰায় ৭০০ গৰাকী জোৱানে আত্মহত্যা কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদীয় প্ৰতিবেদনত সদৰী কৰে এই তথ্য৷
জোৱানসকলে উদ্যমহীনতা, অস্থিৰতা তথা ঘৰুৱা সমস্যাৰ বাবেই আত্মহননৰ পথ বাছি লোৱা বুলি মতপোষণ কৰিছে গৃহ মন্ত্ৰণালয়ে৷ ইয়াৰ লগতে সুৰক্ষা বাহিনীৰ প্ৰতি অনীহা প্ৰকাশ কৰি প্ৰায় ৯ হাজাৰ জোৱানে স্ব-ইচ্ছাই অৱসৰ গ্ৰহণ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছে৷
গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১২ চনত ১৮৯ গৰাকী চিআৰপিএফ জোৱানে আত্মহত্যা কৰাৰ লগতে একে সময়তে ১৭৫ গৰাকী জোৱানে যুদ্ধ তথা কৰ্মস্থলীত মৃত্যুবৰণ কৰে৷ আনহাতে ২০০১ চনত ৫২৯ গৰাকী বিএছএফ জোৱানে আত্মহত্যা কৰিছিল আৰু ৪৯১ জোৱান কৰ্মৰত অৱস্থাত মৃত্যু হৈছিল৷ তদুপৰি ৬২ গৰাকী আইটিবিপি জোৱান আত্মহনন হোৱাৰ লগতে ১৬ গৰাকী যুদ্ধ তথা কৰ্মৰ সময়ত মৃত্যু হৈছিল ২০১৬ বৰ্ষত৷
২০১৩ চনত সশস্ত্ৰ সেনা বলৰ আত্মহত্যা কৰা জোৱানৰ সংখ্যা হ’ল ৩২ জন৷ কিন্তু একে সময়তে কৰ্মস্থলীত মৃত্যু হোৱা জোৱানৰ সংখ্যা মুঠেই ৪ জন৷ ইয়াৰোপৰি ২০১৪ বৰ্ষত অাছাম ৰাইফলছ জোৱানৰ ২৭ গৰাকীয়ে আত্মহননৰ পথ বাছি লোৱাৰ লগতে একে সময়তে কৰ্মৰত অৱস্থাত ৩৩ গৰাকী আছাম ৰাইফলছৰ জোৱান মৃত্যুমুখত পৰে৷
উল্লেখ্য যে, গৃহ সচিবে জানিবলৈ দিয়া অনুসৰি সেনা জোৱানসকলে আত্মহত্যা কৰা বিষয়টোৰ ওপৰত গৃহমন্ত্ৰণালয়ত আলোচিত হৈ আছে৷ জোৱানসকলে বিশেষকৈ অস্থিৰতা, নিঃসংগতা আৰু ১০-১১ মাহে পৰিয়ালৰ লোকৰ পৰা আঁতৰি থাকিব লগা হোৱাৰ বাবে মানসিক চাপ সহিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱা বুলি গৃহ মন্ত্ৰণালয়ত চৰ্চিত হৈ আহিছে৷