
জোনাইঃ বিজয়পুৰ জোনকাৰেং আবতানি লত্তাত বাঃনে কেবাঙৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হাৈছে৷ অহা ১-৪ ফেব্ৰুৱাৰীত জোনাইৰ লৃচাং কনিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে৷ কেন্দ্ৰীয় অধিৱেশন উপলক্ষে জোনাইৰ লৃচাং কনিষ্ঠ মহাবিদ্যালয়ত যোৱা ৯ ডিচেম্বৰত মিছিং বাঃনে কেবাঙৰ অধিৱেশন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ যায়।
মিছিং বাঃনে কেবাঙৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অভ্যৰ্থনা সমিতি গঠন কৰি ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত মিছিং বাঃনে কেবাঙৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন বণ্যাৰ্ঢ কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজু মেদকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজয়পুৰ জোনকাৰেং আবতানি লত্তাত অনুষ্ঠিত হ’ব লগা কেবাঙৰ লাইখুঁঠা অহা ১৫ ডিচেম্বৰত স্থাপন কৰা হ’ব।
লাইখুঠা স্থাপন অনুষ্ঠানত সকলো উপ-সমিতিৰ বিষয়-ববীয়া তথা ৰাইজৰ সহযোগ উপস্থিতি কামনা কৰে উদযাপন সমিতিয়ে। কেবাং খন সাফল্য মণ্ডিত কৰাৰ অৰ্থে ৪৯ খন উপ-সমতি গঠন কৰা হয়। কেবাঙৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে অতিথি আপ্যায়নৰ বাবেবে চাউল, মাটিমাহ, গাহৰি যোগাৰ কৰি থকা বুলি জানিবলৈ দিয়ে।
উপ-সমিতি সমূহ নিজ নিজ দায়িত্ব পূৰ্ণ গতিত চলাই গৈছে। কেবাঙত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন সংগঠনৰ বিষয়-ববীয়াৰ লগতে মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। অধিৱেশন খন সফল কৰি তুলিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাই। বাঃনে কেবাঙৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক পৰমা নন্দ চায়েঙীয়া, গিৰিন মৰাং, অভ্যৰ্থনা সমিতিৰ সহ-সম্পাদক হৰেন চাৰহ, পদমেশ্বৰ দলে, মিছিং জাতীয় সংগঠনৰ বিষয়-ববীয়াৰ লগতে পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।