
গৌৰীসাগৰঃ পুৰাতত্ত্ব বিভাগৰ দুৰ্নীতিৰ তদন্ত কৰিব চৰকাৰে৷ দল-সংগঠনে শিৱসাগৰ জিলাত পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি থকাৰ মাজতে তদন্তকাৰী এটি দল শিৱসাগৰত উপস্থিত হয়৷
৬০০ বছৰীয়া আহোম ৰাজত্বৰ সোণালী ইতিহাসৰ স্মৃতি ৰক্ষাৰ বাবে চৰকাৰে আৱন্টন দিয়া টকাৰ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে চৰকাৰে তদন্ত কৰিব দুৰ্নীতি সন্দৰ্ভত৷ ঐতিহাসিক নগৰী শিৱসাগৰত আজি কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ চৰম অনিয়মৰ তদন্ত কাৰাৰ বাবে এটা দল উপস্থিত হয় শিৱসাগৰত৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ চাৰিজনীয়া এটি দল আৰ চি চৌধুৰী নামৰ বিষয়াগৰাকীৰ নেতৃত্বত শিৱসাগৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
২০১৩-২০১৪ চনত চৰকাৰে আৱন্টন দিয়া পুঁজিৰে নিৰ্মিত আঁচনি সমূহ তন্ন-তন্নকৈ পৰীক্ষা কৰে৷ আহোম ৰাজত্ব কালৰ ৰাজধানী চহৰ খনৰ কৃতীচিহ্ন সমূহ ৰক্ষাৰ বাবে শ শ কোটি টকা চৰকাৰে আৱন্টন দিয়ে যদিও এই টকাৰে কাম নকৰি একাংশ বিষয়াই ৰাজভোগ কৰি অহাৰ অভিযোগ উত্থাপন কৰে৷
বিভিন্ন দল-সংগঠনে ইতিহাসৰ সোণালী স্মৃতি বিজড়িত সম্পদক লৈ হেতালি খেলা পুৰাতত্ত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷ যোৱা ২০ তাৰিখৰ পৰা বাহৰ পাতি থকা তদন্তকাৰী দলটোৱে আজি বিষ্ণু দল, পৰ্য্যটনৰ অন্যতম অকৰ্ষণৰ কেন্দ্রবিন্দু ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, দ'ল দেৱালয় আদি পৰিদৰ্শন কৰি চৰকাৰে দিয়া টকাৰ সঠিক ব্যৱহাৰ হৈছে নে নাই তদন্ত আৰম্ভ কৰিছে৷