
ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানক্ৰমে সমগ্ৰ অসমৰ লগতে আজি চাবুৱাতো চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷
চাবুৱাৰ বাছ আস্থানৰ সমীপত ৰূপায়ণ হোৱা এই কাৰ্যসূচীত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ্য গগৈ, সাধাৰণ সম্পাদক অভিনন্দন সেনাপতি আৰু শিক্ষা সম্পাদক ভাইজান বাইলুংৰ নেতৃত্বত প্ৰায় ১০০ জন সদস্যই ভাগ লয়৷
অনশনথলীত আছুৰ সদস্যসকলে বিধেয়কবিৰোধী আৰু চৰকাৰবিৰোধী বিভিন্ন শ্ল'গান আৰু প্লে-কাৰ্ড লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। পুৱা ৬ বজাৰপৰা আৰম্ভ হোৱা এই অনশনত অংশগ্ৰহণকাৰীসকলক অসম বিদ্যাপীঠৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা জ্যেষ্ঠ নাগৰিক হৰনাথ দুৱৰাই ফলৰ ৰস আৰু মিঠাই খুৱাই অনশন ভংগ কৰায়৷
কাৰ্যসূচীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি লিখন বৰুৱাই উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ তীব্ৰ বিৰোধিতা কৰি অনতিপলমে এই বিধেয়ক বাতিলৰ বাবে চৰকাৰক দাবী জনায়৷