newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেইবাটাও সংগঠনৰ লগতে আছুৰ নেতৃত্বত উত্তাল প্ৰতিবাদ অব্যাহত আছে৷ সোমবাৰেও আছুৱে ৰাজ্যৰ কেইবা ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আৰু অসমৰ পৰা হিন্দু-মুছলমান উভয় বিদেশীক বিতাড়ণ কৰাৰ দাবী জনাই সোমবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সমূহৰ সহযোগত কেইবাশতাধিক লোকে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধেয়কখন বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ সমীপত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি সমদল উলিয়াই আছুৱে৷ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, মোডী চৰকাৰ হায় হায়, খেদ অ খেদ বাংলাদেশী খেদ, চাবুৱাবাসী ৰাইজ আজি জাগিছে, অসমবাসী আজি জাগিছে আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ 

প্ৰতিবাদী কাৰ্যসূচীত চাবুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদ, চাবুৱা জ্যেষ্ঠ নাগৰিক সন্থা, চবুৱা মহিলাৰ উন্নয়ন মঞ্চ, অনুসূচিত জাতি পৰিষদ, বাঙালী ফেডাৰচন, আদি বাসী ছাত্ৰ সন্থা, মেডিয়া ফাৰ্ম চবুৱা, প্ৰেছ ক্লাব, প্ৰেছ গিল্ড, অটো চালক সন্থা, ফিন ক্লাব, সদৌ অসম মটক ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, চাহ জনজাতি ছাত্র সন্থাই সমদলত অংশগ্ৰহণ কৰে৷