ডিব্ৰুগড়ঃ কৃষক নেতা অখিল গগৈক চৰকাৰে পুনৰ গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত শনিবাৰে চাবুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ চাবুৱা টাউনত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শনিবাৰে পুৱাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰি এটি কনভয় যোগে গোৱালপাৰালৈ নিয়াৰ পিছৰে পৰা ডিব্ৰুগড় উত্তাল কৰি ৰখাৰ সময়তে দুপৰীয়া চাবুৱাত সংসগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰি অখিলক শীঘ্ৰে মুকলি কৰাৰ দাবী জনায়৷

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি আকাশ, বতাহ কপাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ৷ প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল চৰকাৰক সাৱধান হোৱাৰ লগতে সৎ হওক আৰু ৰাইজৰ পক্ষত কাম কৰাৰ আহ্বান জনায়৷ নহ’লে ৰাইজে এদিন গাদীৰ পৰা খেদিব বুলি কৈ কৃষক মুক্তিৰ নেতা অখিলক বাৰে বাৰে আটক কৰিলেও ৰাইজৰ আগ্ৰহ কৃষক মুক্তিৰ প্ৰতি লাহে লাহে বৃদ্ধি হৈছে বুলি কয়৷

কৃষক মুক্তিয়ে শনিবাৰে পুৱাৰে পৰা ডিব্ৰুগড় উত্তাল কৰি খাৰ লগতে চাবুৱাতো পথ অৱৰোধ কৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে সংগঠনটোৱে৷ ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে চাবুৱাত পথ অৱৰোধ কৰি কৃষক নেতা অখিল গগৈক পুনৰ ষড়যন্ত্ৰমূলক ভাৱে আটক কৰা বুলি কৈ বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায়৷

দীনদয়াল উপাধ্যায় কলেজৰ নামফলক মচি কলা গুৰু বিষ্ণুৰাভাৰ নামেৰে নামকৰণ কৰাত গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰে অসম চৰকাৰ তথা অসম আৰক্ষীয়ে৷ শুকুৰবাৰে নিশাৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে পুৱাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰি এটি কনভয় যোগে গোৱালপাৰা অভিমুখে লৈ আহে৷

মৰাণ আৰক্ষী থানাৰ ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰত শুকুৰবাৰে অৰ্থাৎ ২২ ডিচেম্বৰত জামিন লাভ কৰিছিল অখিল গগৈয়ে৷ ২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছে যদিও আশংকা কৰা অনুযায়ী অসম আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অখিলক৷