newsnextone.com | ডিব্ৰুগড়ঃ সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ হাজাৰ হাজাৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব নিদিয়াৰ হুংকাৰ দি শুকুৰবাৰে ওলাই আহিল৷ ভাল দিনৰ সপোন দেখুৱাই শাসন আৰু ক্ষমতালৈ অহা বিজেপিয়ে এতিয়া আমাক বাংলাদেশীৰ বোজা দিব বিচাৰিছে বুলি কৈ ঘৰৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাৰ ৰাইজ সমবেত হ’ল শুকুৰবাৰে৷

একেখন মঞ্চত ৫৮টা জাতীয়-জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ চাবুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ নামৰে গঠন কৰি মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত শুকুৰবাৰে আহ্বান কৰে গণ সমাবেশ৷ পুৱাৰে চাবুৱা বিধান সভা সমষ্টিৰ কেইবা হাজাৰ লোক পুৱাই ঘৰৰ পৰা ওলাই আহি হুংকাৰ দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷ উমৈহতীয়া মঞ্চ খনে মুখ্যমন্ত্ৰীক জাতিৰ স্বাৰ্থত জাতীয় নায়কৰ ভূমিকা পালন কৰিবলৈ দাবী জনায়৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজ যে সঁচাকৈ জাগিছে মুখ্যমন্ত্ৰীৰ জন্মস্থানৰ ৰাইজে শুকুৰবাৰে প্ৰতিপন্ন কৰে৷ অসমীয়া বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই ব্যাপক পতিবাদ অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত ৫৮টা দল-সংগঠনৰ সন্মিলিত নাগৰিক মঞ্চই অনুষ্ঠিত কৰা সমাবেশত কেইবাহাজাৰ লোকে সংকল্প লয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত৷

চাবুৱাৰ দেওধাই গাঁওস্থিত ইয়ংব্লু  ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হোৱা গণ সমাবেশত বৃহত্তৰ চাবুৱা অঞ্চলৰ গাঁও সমূহৰ লোক হিল-দল ভাঙি ওলাই আহে৷ কেইবা সহস্ৰাধিক লোক উপস্থিতিত তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনীয়াৰৰ সভাপতিত্ব অনুষ্ঠীত সভাপতি দেৱঋৰ্ষি চেতিয়াই অাঁতধৰা আৰু দ্বিপনজ্যোতি ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সমাবেশ জাতীয় সংগীতেৰে আৰম্ভ হয়৷ 

সমাবেশত মটক, মৰাণ, আহোমকে ধৰি বহু জনগোষ্ঠী লগতে চাবুৱাৰ বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷ আনহাতে সমাবেশত মুখ্যবক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, বিশিষ্ট সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইন আৰু কৃষক নেতা অখিল গগৈ৷ শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱাই জাতিধ্বংসী বিধেয়ক খনৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে৷ বিধেয়কখন বাতিল দাবীত ৰাইজক মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷ 

বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে বৰ্তমান অসমীয়া জাতিৰ সংকট কালত দল-সংগঠন, জাতি-জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে ঐক্য বদ্ধ হোৱাৰ সময় সমাগত হৈছে বুলি কয়৷ বিশেষকৈ যুৱ শক্তি ওলাই আহি অসমৰ স্বাৰ্থ ৰক্ষা কৰাত গুৰুত্ব দিবলৈ সময় আহি পৰিছে বুলি কয়৷ বিজেপি দলে বহু প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ গাদী দখল কৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আমাৰ জাতীয় স্বাৰ্থ পূৰণত কোনো সদিচ্ছা দেখুওৱা নাই বুলি কয় হাইদৰ হুছেইনে৷ 

অসমৰ বিদেশী সমস্যা সমাধানৰ বিপৰীতে চৰকাৰে সেইসকলকহে বৰপীয়া পাৰি দি অসম ধ্বংস কাৰ্যত লিপ্ত হৈছে৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় যে যিসকল লোকে এসময়ত অসম মৰিলে আমিও মৰিম, তেজ দিম তেল নিদিও আদি জাতীয় বাণীৰে হাজাৰ হাজাৰ জনগণৰ মন জয় কৰিবলৈ সক্ষম হৈছিল সেই সকলেই এতিয়া বিপৰীত ভূমিকা গ্ৰহণ কৰি অসমীয়াৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ কুণ্ঠাবোধ নকৰা বুলি কয়৷ সেইসকল আমাৰ বিশ্বাসঘাটকতা ঠগ, প্ৰৱঞ্চনা কৰিছে৷ 

কৃষক নেতা অখিল গগৈয়ে উদাত্ত কণ্ঠেৰে সমবেত ৰাইজক আহ্বান জনায় অসমত জাতীয়বাদৰ বিকাশ, নাগৰিক সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ লোৱা কাৰ্যৰ পটভূমি সম্পৰ্কত ঐতিহাসিক ব্যাখ্যা আগবঢ়াই৷ বিজেপি শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে৷ 

নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীৰ লগতে জাতীয় নায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ নস্যাৎ কৰি অসমক বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন, উত্তৰ পূৰ্বৰ উদ্যোগ নীতি বাতিল, বিদেশীক অসমৰ পৰা বিতাড়নৰ বিপৰীতে কেৱল ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানেৰে অসমৰ ভাষা সংস্কৃতিক বিপদাপন্ন কৰিবলৈ লোৱা কাৰ্য অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ 

এই আইন খনে কেৱল বাংলাদেশৰ পৰাই নহ'য় পাকিস্তান, আফগানিস্তান পৰা অহা শৰণাৰ্থী হিন্দুৱেও ভাৰতত নাগৰিকত্ব পাব৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাক সমালোচনা কৰি কয় নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি আজি নিজেই অংগুষ্ঠ প্ৰদৰ্শন কৰিছে৷ অসমৰ জাতীয় নায়ক কেতিয়াও হ’ব নোৱাৰে, সৰ্বানন্দ সোণোৱাল অসমৰ আটাইতকৈ ভীৰু মানুহ হিচাপেহে পৰিচিত৷ মটক, মৰাণ, আহোমৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠী দল সংগঠনৰ নেতাসকলে বিধেয়কখনৰ বিৰুদ্ধে বক্তব্য আগবঢ়ায়৷ উল্লেখ্য যে, সমাবেশস্থলীত অখিল গগৈৰ নেতৃত্বত বিধেয়কখন যিকোনো প্ৰকাৰে বাতিল কৰিব দিয়া নহ’ব বুলি ৰাইজে সংকল্প গ্ৰহণ কৰে৷