newsnextone.com | চাবুৱাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ 

সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে জোঁৰ সমদল উলিয়াই আকাশ বতাহ কঁপাই তোলে৷ 

সংগঠনটোৰ নেতৃত্বত ওলাই অহা প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, এই বিধায়ক মানি নলও, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰি নাদুৱা চাইডিংৰ পৰা চাবুৱাৰ চাৰিআলিলৈ জোঁৰ সমদল উলিয়াই৷

সগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অনন্ত বৰুৱা আৰু সম্পাদক উমাকান্ত গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ সমালচনা কৰি অসমত অসমীয়াক ভগনীয়া কৰিব বিচৰা আইন কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক সকীয়াই দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱা, সহকাৰী সম্পাদক দিগন্ত দও, মুখ্য সাংগঠনিক সম্পাদক উপেন সেমাপতি, শিক্ষা আৰু সাংস্কৃতিক সম্পাদক সঞ্জু গগৈয়ে ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কোনো কাৰণতে এই বিধেয়ক মানি লোৱা ন’হব বুলি ৰৈ শীঘ্ৰে বাতিল কৰাৰহে দাবী জনায়৷