newsnextone.com | চাবুৱাঃ কাৰ্বিআংলঙৰ ডকমকাত উৰা বাতৰিত প্ৰতিয়ন গৈ এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে চাবুৱাৰ কেইবাটাও সংগঠনে। ডকমকাৰ হত্যাকাণ্ডক অতি নিন্দনীয় আৰু সমাজৰ বাবে চৰম লজ্জাজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনসমূহে৷ 

দুষ্কৃতিকাৰীৰ হাতত নিহত যুৱকদ্বয়ৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰি ছচিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰক ভোল নাযাবলৈ আহ্বান জনায়৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এচ এফ আই, বীৰ লাচিত সেনা, মটক যুৱ-ছাত্ৰ সন্মিলনে সন্ধিয়া চাবুৱা চাৰিআলিৰ সমীপত মম জ্বলাই শ্ৰদ্ধাঞ্জলি যাঁচে।