চাবুৱাঃ গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব যোৱা দুগৰাকী যুৱকক গোলাঘাট আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ চাবুৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক ৰাজ পথৰ পৰা আতৰাব খোজেতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি লগা পৰিলক্ষিত হয়৷

মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ জনজাতি সংগ্ৰাম সমিতিয়ে গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব যোৱাৰ সময়ত আৰক্ষীয়ে সংগঠন দুটাৰ দুজন নেতাক মাটিত বগৰাই লাঠীৰে বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

চাহ মালিকৰ পিষ্টলৰ গুলীত তথা বৰ্বৰ আক্ৰমণত ১৫জনকৈ শ্ৰমিক আহত হোৱাৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হয় ছাত্ৰ নেতাদুজন৷ এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই অসম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷