newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷

বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বীৰ লাচিত সেনাৰ নেতৃত্বত চাবুৱাৰ সচেতন নাগৰিক সমাজ৷ বিধেয়কখন বাতিলৰ দাবীত চাবুৱাৰ  ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে৷ 

সংগঠনটোৰ চাবুৱা অাঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন গগৈ অাৰু সাধাৰণ সম্পাদক পংকজ গগৈয়ে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল অাৰু নৰেন্দ্ৰ মোডীক ধিক্কাৰ দিয়াৰ লগতে শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰ লগতে মোডী চৰকাৰক দাবী জনায়৷ 

জাতীয় সংগঠন লগতে চাবুৱাৰ সচেতন নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক ধিক্কাৰ দি এই আইন গৃহিত নকৰিবলৈ দাবী জনায়৷ ইয়াৰ পাছতে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে চৰকাৰক৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনায় বীৰ লাচিত সেনাৰ সভাপতি/সাধাৰণ সম্পাদকৰ লগতে চাবুৱাৰ সচেতন সমাজে৷