
newsnextone.com | চাবুৱাঃ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও অৱশেষত জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ প্ৰতিবাদত নামে৷
অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ দল-সংগঠন সকলোৱে সমান প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আহ্বান মৰ্মে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ পানীতোলা ব্লক কংগ্ৰেছে শুকুৰবাৰে গণ স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছে৷
পানীতোলা ব্লক কংগ্ৰেছে চাবুৱা নগৰত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঢ়াৰ লক্ষ্যৰে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে৷ নাগৰিকে কংগ্ৰেছে চলোৱা গণ স্বাক্ষৰ অভিযানত সহায় সহযোগ কৰা দেখা যায়৷
শুকুৰবাৰে প্ৰক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বত এটি সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণস্বাক্ষৰ সংগ্ৰহ কৰি চৰকাৰক গণ স্বাক্ষৰ সমূহ প্ৰদান কৰে৷