newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মণিকা কুমাৰ নামৰ মহিলাগৰাকী আৰু মহিলাগৰাকীৰ দুই পুত্ৰ প্ৰিয়ম কুমাৰ আৰু সঞ্জীৱ কুমাৰ দুৰ্ঘটনাত নিহত হয়৷ 

জানিব পাৰ মতে, পুৱতি নিশাই একেটা পৰিয়ালৰ তিনিওজন লোকে তিনিচুকীয়া জিলাৰ ধেলাখাট চাহ বাগিচালৈ গৈ আছিল৷ তীব্ৰ বেগত গৈ থকা বুলি অনুমান কৰা WB-72H-1478 ছুইফট ডিজায়াৰ খনে পুৱতি নিশাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দাতিত বাগৰি পৰি এডাল গছত খুন্দা মাৰে৷ 

তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত তিনিওজন লোকে গাড়ীৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহে আৰু মাতৃ আৰু পুত্ৰ প্ৰিয়ম কুমাৰৰ থিতাতে মৃত্যু হয়৷ আনহাতে আন এগৰাকী পুত্ৰ সঞ্জীৱ কুমাৰক ৰাইজে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ 

চাবুৱাৰ ডিনজান টিচিপি সেনা কেম্পৰ সমীপত পথত দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰিয়ম কুমাৰ তিনিচুকীয়াৰ গুৰু টেগ বাহাদুৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে৷