
চাবুৱাঃ আমাৰ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে যদিও তেওঁ ডিব্ৰুগড় জিলাৰ হে বাসিন্দা৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত ঘৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন উৎসৱ পাৰ্বনে নিজ ঘৰ খনত উপস্থিত নিজ গাঁও খনৰ লগতে নিজৰ অঞ্চলটোৰ উন্নয়ন কৰাৰ কথা বাৰে বাৰে কৈ আহিছে৷ যোৱা বৃহস্পতিবাৰেও মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত উপস্থিত হৈ ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে গৰাখনীয়া ৰোধ কৰাৰ লগতে দলং নিৰ্মাণৰ নিৰ্দেশ দিয়ে৷
কেৱল মুখ্যমন্ত্ৰীয়ে নহয় ডিব্ৰুগড় জিলাৰ বিধান সভা সমষ্টি সমূহো বিজেপিৰ দখলতে আছে৷ একোগৰাকী মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ সৈতে আত্মা সন্মান জৰিত হৈ পৰে ৰাজ্য খনৰ লোকৰ৷ সেই জিলা খন ইতিহাসৰ পৃষ্ঠাত নাম অন্তৰ্ভুক্ত হৈ পৰে৷ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে সেই ঠাই খনৰ নতুবা অঞ্চলটোৰ নাম ওলাই পৰিব যিখন জিলা তথা অঞ্চলৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰিছিল৷ যাৰ বাবে কব পাৰি মুখ্যমন্ত্ৰীৰ ঠাইডোখৰৰ উন্নয়নৰ ছবিখনৰ সৈতে সমগ্ৰ ৰাজ্য খনৰ ছবি তথা মান-সন্মান জৰিত হৈ থাকে৷
কিন্তু এনেবোৰ কথা ভাৱেনে মুখ্যমন্ত্ৰীৰ জিলাৰ বিজেপি বিধায়ক, প্ৰশাসন তথা আন আন বিষয়া-আমোলাই৷ যদি পৰ্যবেক্ষণ কৰি চালে দেখা যাব যে, জিলা খনত উন্নয়নৰ নামত এক বিশৃংখল পৰিস্থিতিৰ ছবি খন৷ পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ৷ বিধায়কক লিখিত অভিযোগ দিয়াৰ পিছতো ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে দৰিদ্ৰ লোকক শৌচালয় নিৰ্মাণ কৰি দিয়াৰ নামত এক উপহাস কৰে প্ৰশাসনে৷ জিলাখনৰ গ্ৰাম্য এলেকাৰ বহু দৰিদ্ৰ পৰিয়ালে মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰিব লগা হয়৷
বহু পৰিয়ালৰ শৌচালয়ৰ পৰিৱেশ দেখিলে ইতিকিং কৰা যেন লাগে দৰিদ্ৰ পৰিয়ালসমূহক৷ ইমানে নহয় বিশুদ্ধ খোৱা পানীৰ বাবে জিলা খনৰ গ্ৰাম্য এলেকাৰ শ-শ লোকে আজিও হাহাকাৰ কৰিব লগা হয়৷ গ্ৰাম্য এলেকাৰ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকলে পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগা হয়৷ এজাক বৰষুণতে জনসাধৰণে বোকাৰ বাবে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়৷ বিশেষকৈ জিলাখনৰ চাবুৱা বিধান সভা সমষ্টিৰ ৰাস্তা-ঘাটৰ অৱস্থা বৰ্ণানা কৰিব নোৱাৰি৷ চাবুৱাৰ নাদুৱাৰ গোহাঁই চক-থানাই গ্ৰাম্য পথত বছৰ বছৰ ধৰি ৰাইজে যমৰ-যাতনা ভোগ কৰি আহিছিল৷
২০১২-২০১৩ বৰ্ষত পথটো নিৰ্মাণৰ বাবে প্ৰায় ২৪ লাখ টকা আৱন্টন দিয়ে চৰকাৰে৷ জিলা পৰিষদৰ অধিনত নিৰ্মাণ কৰা পথটো নিৰ্মাণ কৰে যদিও পথটোত থকা দলং খন আজিলৈ নিৰ্মাণ নকিৰলে পৰিষদে৷ গোহাঁই চকৰ সমীপৰ পথাৰৰ মাজত থকা দলং খনৰ বাবে আৱন্টন দিয়া টকা কেইটা কোনে খালে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ দলং খন নথকাৰ ফলত পথটোৰে আহ-যাহ কৰা লোকসকলে ব্যাপক সমস্যাত পৰে৷ বাৰিষা কালত ৰাইজে একাঁঠু পানীৰে আহ-যাহ কৰিব লগা হয়৷
যোৱা দুটা বছৰত ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং নিৰ্মাণ কৰি আহ-যাহ কৰি আহিছে৷ ইমানৰ পিছতো পৰিষদে তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ ৰাইজে দলং খন নিৰ্মাণৰ বাবে আৱন্টন দিয়া ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ দলং খন নিৰ্মাণ নকৰাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কৃষক, ব্যৱসায়ী, ৰোগী আদিয়ে ব্যাপক সমস্যাত পৰে৷ নাদুৱাৰ গোহাঁই গাৱৰ পৰা থানাইলৈ যোৱা পথৰ দলং নিৰ্মাণ কৰাৰ বাবে আৱন্টন দিয়া ধন কোনে খালে পোহৰলৈ আহিবনে৷ শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত দলং খন কিয় নিৰ্মাণ নহ’ল তাৰ খবৰ লবনে বিধায়ক বিনোদ হাজৰিকাই?