newsnextone.com | ডিব্ৰুগড়ঃ ৰাজ্যৰ আন প্ৰান্তত নহয় খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ চাবুৱা নগৰৰ কদৰ্য ৰূপে ৰাইজক চিন্তিত কৰি তুলিছে৷ যদি মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ টাউন খনতে এনে অৱস্থা তেন্তে ৰাজ্যৰ আন প্ৰান্তৰ অৱস্থা কেনে হ’ব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে৷

মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এমইএছ তিনিআলিৰ মাজমজিয়াত পুখুৰী সদৃশ গাঁতৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে৷ প্ৰতিদিনে পানী জমা হৈ থকা দৃশ্য প্ৰত্যক্ষ কৰি একাংশ লোকে গাঁত সমূহক বৰপুখুৰী আখ্যা দিয়ে৷ মুখ্যমন্ত্ৰীৰ জিলাৰ গড়কাপ্তানী বিভাগৰ চকুত নপৰা বৰপুখুৰী সদৃশ গাঁত সমূহ মাছ পোনা এৰি দিবলৈ কৈ ৰাইজে কটুক্তি কৰে৷

বৃহৎ পুখুৰী সদৃশ গাঁত সমূহৰ বাবে ৰাইজে চাবুৱা নগৰত আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰি আহিছে৷ শীঘ্ৰে পথৰ মেৰামতি কৰাৰ দাবী জনাই ৰাইজে৷ ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি অমৰজ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক ৱাছিম খানে বৰপুখুৰী সদৃশ গাঁত সমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ গড়কাপ্তানী বিভাগৰ লগতে স্থানীয় বিধায়ক বিনোদ হাজৰিকাক দাবী জনায়৷