চাবুৱাঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সকলো বিভাগতে এতিয়া চৰম অৰাজকতা৷ বৰ বৰ কথাৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰখা, ৰাজ্যৰ সফল মন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৰো বৰ্তমান পঁয়ালগা অৱস্থা৷ 

উল্লেখ্য যে ৰাজ্যৰ এই গৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ দিনতে কোটি টকা ব্যয়ৰে চাবুৱাত নিৰ্মিত হৈছিল মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়৷ জাতিৰ পিতা মহাত্মা গান্ধী নামেৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খন লাহে লাহে জহি-খহি যাবলৈ লৈছে৷ ২০১০ চনত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰি চাবুৱা বাসী ৰাইজৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব বিচাৰিছিল৷

৩০ খনতকৈ অধিক বিছনাযুক্ত, জৰুৰীকালীন সেৱা, বিনামূলীয়া দৰব-পাতি, বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ দ্বাৰা উন্নত চিকিৎসাৰ আশ্বাস প্ৰদান কৰি চাবুৱা গ্ৰাম্য স্বাস্থ্যকেন্দ্ৰৰ সমীপতে ৩ কোটি ৯০ লাখটকৈ অধিক টকাৰ ব্যয়েৰে চাবুৱা মডেল হাস্পতালখন নিৰ্মাণ কৰে৷ ২০১৪ চনৰ ৪ ফেব্ৰুৱাৰীত চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো দিয়া নাছিল৷

সেই কাৰ্যৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী পালন কৰাত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় সামগ্ৰীসমূহ লগতে চিকিৎসকো দিবলৈ বাধ্য হয়। আধাৰশিলা স্থাপনৰ পাচতে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও নিৰ্মাণত হোৱা ভয়ংকৰ দুৰ্নীতিৰ বাবে হাস্পতালখনৰ দেৱালসমূহৰ বিভিন্ন স্থানত ফাঁট মেলি যায়৷ লগতে মজিয়াত লগোৱা টাইলছসমূহো ভাগি মাটিৰ তলত সুমাই যোৱাত কাৰ্য প্ৰত্যক্ষ কৰি সংগঠনটোৱে প্ৰতিবাদ কৰি আহিছিল৷

প্ৰতিবাদৰ ফলস্বৰূপে ঠিকাদাৰে কিছু অংশ মেৰামতি কৰিছিল যদিও আকৌ দেৱাল ভাগি যোৱাৰ পুনৰাবত্তি দেখি সৰৱ হৈ পৰে চাবুৱাৰ সংগঠনসমূহৰ নেতা সকল৷ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই দেওবাৰে এক বিবৃতিৰ জৰিয়তে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ’ম বুলি সাধাৰণ জনতাক আশ্বাস দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ জন্মস্থানতেই হোৱা এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে স্থানীয় বিধায়ক বিনোদ হাজৰিকাক আহ্বান জনাই নেতাজনে।