
newsnextone.com | চাবুৱাঃ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই নিজ সমষ্টিত ২৬ মে’ৰ নিশা এটি বিহুৰ অনুষ্ঠানত অংশ লৈ বিদেশী সংস্থাপনৰ বিৰোধিতা কৰি যদি বিদেশী আহে তেন্তে মই বিধায়ক পদ এৰি দিম বুলি কয়৷ তাৰ পিছতে এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ সংবাদ মাধ্যমত এই মন্তব্যই চৰ্চা লাভ কৰাৰ লগতে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে৷ খোদ বিধায়কগৰাকীৰ সমষ্টিৰ একাংশ যুৱকে বিধায়কগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছচিয়েল মিডিয়া যোগে৷ একাংশ যুৱকে বিধায়কগৰাকীক নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমৰ্থকসকলক লৈ প্ৰতিবাদ কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান জনাই৷
চক্ৰেটিছ জেৰাই নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘‘চাবুৱা সমষ্টিৰ বিধায়ক শ্ৰীযুতবিনোদ হাজৰিকা দেৱে বাংলাদেশী ৰাখিলে পদত্যাগ কৰিম বুলি যি প্ৰতিশ্ৰুতি দিছে সেইয়া কৰাত কৈ তেখেতে বাংলাদেশী আনিব নোৱৰা কৰিবৰ বাবে তেওঁৰ সমষ্টিত বিজেপি দলৰ সকলো সৰু-ডাঙৰ কৰ্মকৰ্তাক লগত লৈ ৰাজহুৱা স্থানত এদিন প্ৰতিবাদ কৰি দেখুৱা হলে সুখী হলোঁ হয়৷ প্ৰতিবাদৰ বেনাৰ BJP হ’ব লাগিব তেতিয়া মানিম তেওঁক BJP নেতা আৰু আমাৰ চাবুৱাৰ ভৱিষ্যত বুলি৷ মইও কৈ দিব পাৰোঁ পৰেশ বৰুৱাই যদি আত্মসমৰ্পণ কৰে তেন্তে তেওঁৰ বুকুত প্ৰথম গুলী মোৰ বন্দুকৰ পৰাই আঘাত কৰিব বুলি কিন্তু সেইয়া জানো আপোনালোকে বিশ্বাস কৰিব আৰু সেই কথাৰ বিশ্বাসযোগ্য হয় জানো? (উদাহৰণ হে দিছোঁ) কোৱা আৰু কৰাৰ মাজত বিশাল পাৰ্থক্য আছে সেইয়া সকলোৱে জানে ৷ আৰোগ্য কৰিব চেষ্টা কৰাত কৈ বেমাৰ হ’ব নিদিবলৈ বাধা দিয়াটো হে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে ৰাইজে৷ শ্ৰদ্ধাৰ বিধায়ক মহোদয় লৈ বিনম্ৰ অনুৰোধ ৰাখিলোঁ আপুনি কথাটো গুৰুত্ব দিয়ক আপোনাৰ আৰু আপোনাৰ শক্তিশালী নেতৃত্বৰ ওপৰত ৰাইজৰ যি আস্থা আছে সেইয়া অটুট ৰাখক৷ আৰু এটা কথা হল চৰকাৰে বাংলাদেশী ৰাখিলে পদত্যাগ কৰিম বুলি আপুনি ঘোষণা কৰিছে, আপোনাৰ মতে কি বৰ্তমান অসমত বাংলাদেশী নাই নেকি? আপুনি পাৰিলে এইটো কওক যে xyz তাৰিখৰ ভিতৰত বাংলাদেশীক চিনাক্ত কৰি নিজৰ দেশলৈ ঘুৰাই পঠিয়াই দিব নোৱাৰিলে মই বিধায়ক পদ এৰিম বুলি তেতিয়া আপোনাক হাজাৰ চেল্যুট দিব চাবুৱা ৰাইজে৷’’
গগণ কুমাৰ ডেকা নামৰ ফেচবুক ব্যৱহাৰকাৰী জনে কয় ‘‘চেলুট বিধায়ক বিনোদ হাজৰিকা৷ বিজেপি নালাগে আমাক। চাবুৱাৰ শাসক বিজেপি দলৰ বিধায়ক বিনোদ হাজৰিকাই বিহু মঞ্চৰ পৰাই চিঞৰিলে। বাংলাদেশী ৰাখিলে সেইদিনাই বাদ দিব বিধায়ক পদ। এতিয়া বাকী বিজেপিৰ জনপ্ৰতিনিধি আৰু নেতা-পালিনেতাই কেতিয়া মেৰুদণ্ড বিচাৰি পোনাব? কমেও ৮০ শতাংশ বিজেপিৰ জনপ্ৰতিনিধি, নেতা-কৰ্মী এনেকৈ বিৰোধীতা কৰি ওলাই আহিব লাগিছিল।’’
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই শনিবাৰে নিশা নিজ সমষ্টি চাবুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠানত অংশ লৈ কয় ‘‘মই বিধায়ক এৰিম৷ যেতিয়া ইয়াত (অসমত) বাংলাদেশী সোমাব৷ মই আগতেও কৈছোঁ মই বিধায়ক হৈ নাথাকো৷ যদি ইয়াত (অসমত) বাংলাদেশী সোমাই, মই হিধায়ক হৈ নাথাকো এই কথা মই কৈ গৈছোঁ৷ অসমত আমি ৰাইজে ভাল নোপোৱা কাম কেতিয়াও নকৰো৷ মই আপোনালোকৰ সৈতে আছো৷ মই ১৭টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে সদায় থাকিম৷ এয়া মই প্ৰতিশ্ৰুতি বদ্ধ৷’’ ইমানে নহয় মঞ্চত এগৰাকী জনপ্ৰিয় গায়কৰ হাতৰ পৰা মাইক কাঢ়ি আনি বিধায়কগৰাকীয়ে উচ্চস্তৰে কয় বিদেশীক নালাগে আমাক৷ বিদেশা নালাগে আমাক আৰু বিদেশী আমি নানো৷ হিন্দু বাংলাদেশীক সংস্থাপন দিলে বিধায়কে এৰি দিব বিধায়ক পদ। বিদেশী অহাৰ পিছত বিধায়ক এৰি দিলে কি লাভ হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে৷