চামগুৰিঃ নগাঁৱৰ কঠিয়াতলিৰপৰা শালনা পৰ্যন্ত বৃহত্তৰ সীমামূৰীয়া অঞ্চলটোত বিগত দুই বছৰৰো অধিক সময় অধ্যয়ণ কৰি থকা ভূ-তত্ত্ববিদসকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মূল্যৱান মণিক আৰু আকৰ। 

শেষতিয়াকৈ বিগত ডেৰ মাহ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাঁও জিলাৰ চাপানালাৰ সমীপৱৰ্ত্তী জিয়াজুৰি পাহাৰৰ লগতে চামগুৰিৰ সমীপৱৰ্ত্তী বৰজুৰি পাহাৰৰ আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ। 

অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটীস্থিত পৰীক্ষাগাৰত হ'বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পাছতহে ক'ব পৰা যাব অঞ্চলকেইটাত প্ৰকৃতিতে কিমান পৰিমাণৰ সম্পদ মজুত আছে। লগতে তেওঁ কয় যে, পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ'লে দেশৰ ভিতৰতে এইসমূহ মূল্যৱান সম্পদ পোৱা ঠাই হৈ পৰিব পাৰে অসম।

উল্লেখ্য যে, নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষক দলটো। পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমূহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব পাৰিব বুলি উল্লেখ্য কৰিছে ভূ-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই। 

লক্ষণীয় কথাটো এইয়ে যে চিলিকা, চিলিমিনাইট, গ্ৰেনাইট আদিকে ধৰি দেশৰ ভিতৰতে অন্যতম বহু কেইবিধ মূল্যৱান মণিকৰ মজুত আছে যদি এই সমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিয়ে প্ৰকৃতপক্ষে বিনষ্ট কৰি আছে নেকি অসমৰ আপুৰুগীয়া সম্পদৰাজি?