♦ দুজনক কৰায়ত্ব কৰি গটালে আবকাৰি বিভাগক

চামগুৰিঃ চুলাই ট্ৰেজেডীৰ পাছতেই এতিয়া সমগ্ৰ ৰাজ্যতেই চলিছে অবৈধ চুলাই মদৰ বিৰুদ্ধে ব্যাপক অভিযান। দেওবাৰে পুৰণিগুদামৰ গড়মুৰত স্থানীয় একাংশ মহিলাই প্ৰশাসন আৰু আবকাৰি বিভাগৰ সহযোগত এখনি মাদকদ্ৰব্য বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰি ব্যাপক অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পাছত সোমবাৰেও নগাঁৱৰ পুৰণিগুদামৰ নলবৰাচুকত অবৈধ চুলাইৰ বিৰুদ্ধে পুনৰ উলাই আহিল স্থানীয় অৰ্ধশতাধিক মহিলা।
অঞ্চলটোৰ বিভিন্ন ঠাইৰ মহিলা একগোট হৈ উলাই আহি বৃহত্তৰ অঞ্চলটোত অবৈধ চুলাই মদৰ বিৰুদ্ধে চলালে ব্যাপক অভিযান। ক্ষুব্ধ স্থানীয় মহিলাই অভিযান চলাই বহু লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে এজন ব্যৱসায়ীকো কৰায়ত্ব কৰি পাছত গটাই দিয়ে আবকাৰী বিভাগক।
আটকাধীন লোকজন পুৰণিগুদামৰ নলবৰাচুকৰ বকুল গগৈ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ আৰু মহিলাসকলে অভিযোগ কৰা মতে, নলবৰাচুক গাঁৱৰ উক্ত সুৰা ব্যৱসায়ীজনক এজন আৰক্ষী আৰু এজন শিক্ষকে সুৰাৰ বেপাৰ চলাবলৈ উদগনি যোগাই অহাৰ লগতে আৰ্থিকভাৱেও সহায় কৰি আহিছিল ধৃত গগৈক।
উল্লেখ্য যে, পুৰণিগুদাম এই মহিলাসকলে দেওবাৰে সন্ধ্যা ভাগটো পথাৰআগ চাৰিআলিৰপৰা এটা মদৰ ঘাটি উৎখাত কৰাৰ লগতে এজন অসাধু সুৰাৰ ব্যৱসায়ীক কৰায়ত্ব কৰি গটাইছিল আবকাৰি বিভাগক।
ধৃত অসাধু ব্যৱসায়ীজনৰ বিৰুদ্ধে অঞ্চলটোত দীৰ্ঘদিন ধৰি দেশী-বেদেশী সুৰাৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছিল। ইফালে অভিযানকাৰি স্থানীয় মহিলাসকলে আবকাৰী বিভাগক চুলাই মদৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে সংশ্লিষ্ট বিভাগৰ দুৰ্বলতা সুযোগলৈ পুনৰ আটকাধীন লোক কেইজনক মুকুলাই নিদিবলৈ দাবীও জনায়।