
চামগুৰিঃ চামগুৰিৰ ব্ৰহ্মচাৰিৰ আমনি তিনিআলিত দিনদুপৰতে সংঘটিত এক চুৰি কাণ্ডই চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।
চোৰৰ এটা দলে সন্তৰ্পণে এঘৰত প্ৰৱেশ কৰি দুটাকৈ আলমিৰাৰ লগতে কেইবাটাও ড্ৰয়াৰ ভাঙি লুটি নিলে সাঁচি ৰখা প্ৰায় ডেৰ লক্ষাধিক টকা আৰু বহু কেইপদ সোণৰ আ-অলংকাৰ সহ আন-আন বহু সংখ্যক মূল্যৱান সামগ্ৰী।
পিছফালৰ দৰ্জা আৰু গ্ৰীল কাটি ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰ সোমাইছিল চম্পক পাটগিৰি নামৰ লোকজনৰ বাসগৃহত। সেই সময়ত পাটগিৰি নিজৰ কৰ্মস্থানলৈ আৰু পৰিবাৰ গৈছিল তেজপুৰ থকা আত্মীয়ৰ এক মাংগলিক অনুষ্ঠানলৈ।
পাটগিৰি ঘৰলৈ ঘূৰি অহাৰ পাছতহে পোহৰলৈ আহে এই চাঞ্চ্যলকৰ চুৰি কাণ্ডৰ কথা। চুৰি-কাণ্ডৰ সম্পৰ্কে চামগুৰি আৰক্ষীক অৱগত কৰাৰ পাছত ঘটনাস্থলিত উপস্থিত হৈ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিছে।
দিনদুপৰতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে সংঘটিত এনে চুৰি কাণ্ডক লৈ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে স্থানীয় একাংশ লোকে।