22
Jan
2019

চামগুৰিঃ ৰূপহীহাটৰ উত্তৰ খাটোৱালত সোমবাৰে বিয়লি পুনৰ চিলনী চোৰে সন্ত্ৰাস চলায়। উত্তৰ খাটোৱালত থকা SBI-ৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ সন্মুখতে এজেণ্ট আছাদুল ইছলামৰপৰা চিলনী চোৰে থপিয়াই নিলে প্ৰায় চাৰি লাখ টকা।
নগাঁৱৰ খুতিকটীয়া শাখাৰপৰা এখন বাইকেৰে অনা টকাখিনি বেগত লৈ কেন্দ্ৰটোত প্ৰৱেশ কৰাৰ সময়তে নম্বৰ প্লেট বিহীন বাইকত অহা দুই অচিনাক্ত যুৱকে সংঘটিত কৰিলে এই আশ্চৰ্যজনক কাণ্ডটো।
ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীজনে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়েও চোৰ দুটাৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।