03
Jan
2019

চামগুৰিঃ নগাঁৱৰ আউনীআটিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। গৰু খুন্দিয়াই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত বাগৰিল পেট্ৰ'ল ভৰ্তি টেংকাৰ।
লামডিঙৰপৰা তেজপুৰ ৰঙাপাৰালৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন। অনাকাংক্ষিত বিপদত পৰাৰ স্থানীয় ৰাইজে শংকা কৰিছিল যদিও ঘটনাস্থলিত ততাতৈয়াকৈ উপস্থিত হয় অগ্নিনাৰ্বাপক বাহিনীৰ বাহন।
অৱশ্যে দুৰ্ঘটনাটোৰ ফলত এজনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলিৰপৰা পলায়ন কৰে টেংকাৰখনৰ চালকে।