
আজাৰাঃ গুৱাহাটী মহানগৰীৰ সমীপৰ প্ৰকৃতিৰ মনোমোহা ঠাই চানডুবি৷ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ নিলগৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবিত আজিৰে পৰা আৰম্ভ হৈছে চানডুবি উৎসৱ। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা চানডুবি উৎসৱ অনুষ্ঠিত হৈ আহিছে৷ চানডুবি উৎসৱত স্থানীয় জনজাতিয় লোকে পৰম্পৰাগত নৃত্য, গীত, কৃষ্টি, সংস্কৃতি, পৰম্পৰা আৰু খাদ্য প্ৰনালী প্ৰদৰ্শন কৰি পৰ্যটকক আকৰ্ষণ৷
সোমবাৰৰ পৰা আৰম্ভ হোৱা চানডুবি উৎসৱ ৰাভা ছাত্র সন্থাৰ উদ্যোগত ১-৫ জানুৱাৰীলৈ পাচদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ প্ৰকৃতিৰ ৰাণী খ্যাত চানডুবিৰ বাকৰি প্ৰথম দিনটোতে হৈ পৰে লোকেলোকাৰণ্য। সোমবাৰে অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বুজৰবৰুৱা, পলাশবাৰীৰ বিধায়ক প্ৰনৱ কলিতা আৰু ৰাভা ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত চানডুবি উৎসৱৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী বহ্মই।
বাহ, বেত, খেৰ আদি থলুৱা সামগ্ৰীৰে সাজি উলিওৱা বিভিন্ন চাং ঘৰ, টঙি ঘৰে আকৰ্ষণ কৰে পৰ্যটকক। চানডুবি উৎসৱত প্ৰদৰ্শন কৰিলে বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ নৃত্য-গীত সমূহ। পৰ্যটকসকলে বিভিন্ন জনজাতীয় পৰাম্পৰাগত থলুৱা খাদ্যৰ জুতি লয় আপ্লুত হয়। আনহাতে কোনোৱে চানডুবি বিলৰ বক্ষত নৌক চলাই আনন্দত উটি যোৱা দেখা যায়৷ জাতি ধৰ্ম নিৰ্বিশেষে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক আহি চানডুবি উৎসৱত সম্প্ৰীতি গঢ়ে।