তেজপুৰঃ ব্ৰিটিছৰ শাসন-শোষণৰ পৰা ভাৰতভূমিক স্বাধীন কৰিবলৈ কৰা সংগ্ৰামত অসম মুলুকৰ বীৰ-বীৰাংগনাৰ অৱদান লেখত ল'বলগীয়া। সেই সংগ্ৰামৰ এগৰাকী বলিষ্ঠ নেতা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা। শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনৰ ভিতৰুৱা অঞ্চলৰ পৰা গৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা এইগৰাকী ক্ষণজন্মা বাগ্মী পুৰুষৰ প্ৰচেষ্টাতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমত পদাৰ্পন কৰিছিল।

অতি চমু জীৱন পৰিক্ৰমাত চন্দ্ৰনাথ শৰ্মাই জীৱন-যৌৱন জাতিটোৰ বাবেই উছৰ্গা কৰি গ'ল। অথচ স্বাধীনতাৰ দীৰ্ঘ এছোৱা সময় পাৰ হৈ যোৱাৰ পাছতো ৰাষ্ট্ৰীয় পৰ্যায়ত এইগৰাকী মহান পুৰুষক প্ৰতিষ্ঠিত কৰাতো দূৰৰে কথা অসম মুলুকতেই পৰিচিতি নাই। অথচ স্বাধীনতা সংগ্ৰামত কোনো অৱদান নথকা লোকেও স্বাধীনতাৰ পৰৱৰ্তী সময়ত এচামৰ আশীষধন্য হৈ ৰাজভোগ পালে, কিন্তু চন্দ্ৰনাথৰ পৰিয়ালে স্বীকৃতিকে নাপালে।

ছাত্ৰ সংগঠন, সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ জন্ম দিয়া এইগৰাকী পুৰুষক আজি দল, সংগঠনেও পাহৰিলে। এইগৰাকী স্বনামধন্য পুৰুষ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ ৯৫ সংখ্যক মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি যোৱা ২১ জুলাইত বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন’ত দিনযোৰা কাৰ্যসূচীৰে মূলত শিশু সকলক লৈ নাটক, সংগীত আৰু কৰ্মবীৰজনৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপতা কৰি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ শুভাৰম্ভ কৰে নাট্যকাৰ গণেশ দাসে। আৰম্ভণিতে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰঞ্জন মহন্তই তেওঁৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত মাল্যাৰ্পন কৰে। মৃত্যু তিথিৰ কাৰ্যসূচীত উপস্থিত থাকে বিহগুৰিৰ কমলা প্ৰসাদ বৰা, বিদ্যা বৰা, দিলীপ নাথ, কমল নাথ, তিলেশ্বৰ নাথ, চিনু পটঙ্গীয়া, ধৰ্মেশ্বৰ বৰা, পংকজ বৰা, পূৰ্ণ কান্ত নাথ আদিৰ লগতে বহু কেইজনমান গণ্য মান্য ব্যক্তি। ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত অসম গৌৰৱ এই মহান সংগ্ৰামী পুৰুষজনৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ বিশিষ্ট ব্যক্তিসকলে আহ্বান জনায়। স্মৃতিচাৰণ সভাত কৰ্মবীৰজনাৰ জীৱনৰ ওপৰত আলোকপাত কৰে শিশু বক্তা অভিজ্ঞান কৃষ্ণ মহন্ত, জ্ঞানাংগ নাথ, সুষ্মিতা বৰঠাকুৰ, ধৰ্মিষ্ঠা মহন্ত আৰু ৰশ্মিতা কাশ্যপে।