05
Aug
2017

প্ৰতিকী ফটো
বাইহাটাঃ গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে৷ বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ হোৱাৰ তিনিদিন পাছত আজি উৎকট গৰম সহিব নোৱাৰি ৫ গৰাকী ছাত্ৰীয়ে প্ৰৰ্থনা কৰি থাকোতেই মূৰ্ছা যায়৷
কমৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কৰৰা পাতিদৰং হাইমাদ্ৰাছাৰ ৫গৰাকীকৈ ছাত্ৰী উৎকট গৰমৰ ফলত সংজ্ঞাহীন হৈ পৰাত শিক্ষানুষ্ঠানখনত হুৱা-দুৱা লাগে।
তিনিগৰাকী ছাত্ৰী কিছু সময় পাছত সুস্থ হয় যদিও দুগৰাকী ছাত্ৰীক ততাতৈয়াকৈ বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাব লগা হয়৷
চিকিৎসাৰ অন্তত ছাত্ৰী দুগৰাকী বহু পলমকৈ সুস্থ হৈ উঠে। অনাকাংক্ষিত ঘটনাৰ পাছতে বিদ্যালয়খন ছুটী দিয়ে কৰ্তৃপক্ষই।