
newsnextone.com | সোণাৰিঃ ৰাজ্যৰ আন আন দল-সংগঠনৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমাৱস্থাত বিধেয়কৰ সপক্ষে-বিপক্ষে থাকি দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল যদিও অৱশেষত জনগণৰ মতৰ সৈতে সহৱস্থান কৰিবলৈ বাধ্য হৈ প্ৰতিবাদ নামে৷
তাৰ বিপৰীতে অসমৰ ৰাইজৰ জনমতক সন্মান প্ৰদৰ্শন নকৰাৰ লগতে প্ৰতিবাদক ইতিকিং তুচ্ছ-তাচ্ছিল্য কৰি আহিছে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীয়ে৷ কোৱা বাহুল্য ১৫ বছৰৰ কংগ্ৰেছৰ শাসন কালতো একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে জনগণে কৰা প্ৰতিবাদক তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ জনমতক সন্মান প্ৰদৰ্শন কৰা নাছিল কংগ্ৰেছেও৷
যাৰ ফলত কংগ্ৰেছে শাসনৰ গাদীৰ পৰা খেদা খাব লগ হয়৷ এতিয়া বিজেপিৰ নেতৃত্বৰ পৰাও তেনেই এখন ছবি দেখা গৈছে৷ জনমত সন্মান নিদি উভতগোৰে নাচিব ধৰিছে৷ যাৰ ফলত ৰাজ্য এতিয়া প্ৰতিদিনে উত্তাল হ’ব ধৰিছে৷
অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ দল-সংগঠন সকলোৱে সমান প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আহ্বান মৰ্মে চৰাইদেউ জিলা কংগ্ৰেছৰ অন্তৰ্গত সোণাৰি ব্লক কংগ্ৰেছ সমিতিয়ে গণ স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছে৷
সোণাৰি ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি বুলুমণি বৰঠাকুৰৰ নেতৃত্বত সোণাৰি নগৰত বিধেয়কখনৰ বিৰুদ্ধে জনমত গঢ়াৰ লক্ষ্যৰে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে৷ নগৰৰ নাগৰিকে কংগ্ৰেছৰ চলোৱা গণ স্বাক্ষৰ অভিযানত সহায় সহযোগ কৰা দেখা যায়৷
বিধেয়কখনৰ বিৰুদ্ধে সংগ্ৰহ কৰা গণ স্বাক্ষৰ অভিযানত সোণাৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মিৰ ফজলুৰ ৰহমান, আওলাড হুছেইন, চৰাইদেউ জিলা কংগ্ৰেছ সমিতিৰ উপ-সভাপতি দিলীপ গগৈ, সাধাৰণ সম্পাদক উৎপল গগৈ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিপা ভৌমিক, চুজান সিঙৰ উপৰিও কবিৰ আহমেদ আদিয়ে য়ে অংশ লয়৷ শুকুৰবাৰে সোণাৰি নগৰত এক প্রতিবাদী সমদল উলিয়াই চৰাইদেউ জিলা উপায়ুক্তৰ জড়িয়তে গণ স্বাক্ষৰৰ কপি সমূহ মুখমন্ত্ৰীক প্ৰদান কৰিব সোণাৰি কংগ্ৰেছে৷