27
Aug
2017

চৰাইদেউঃ নগাঁও কাণ্ডই উত্তাল কৰি ৰাখিছে ৰাজ্য৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ আজিও প্ৰতিবাদ অব্যাহত আছে৷ চৰাইদেউ জিলাতো খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে জোঁৰ সমদল উলিয়ায় প্ৰতিবাদী সাব্যস্ত কৰে।
কেইবাশতাধিক লোকে যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা কাৰ্যালয়ৰ সন্মুখৰ পৰা সমদলত কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে সদৰ সোণাৰি নগৰৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদকাৰীয়ে অনা-অসমীয়াৰ দপদপনি নচলিব বুলি সকীয়াই দিয়ে৷