
চৰাইদেউঃ কেন্দ্ৰীয় চৰকাৰে কোনো এখন চবুৰীয়া ৰাজ্যৰ চৰকাৰ, দল-সংগঠনৰ মতামত নোলোৱাকৈ নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল নগা বিদ্ৰোহীৰ সৈতে এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ যাৰ ফলত ৰাজ্যৰ দল-সংগঠনে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰাৰ ফলত আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷
ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্টে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সম্প্ৰতি প্ৰচাৰ হোৱা মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷
যাৰ ফল পুনৰ ৰাজপথলৈ ওলাই আহিল দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকীয়নি প্ৰদান কৰে চৰকাৰক৷ তাৰ মাজতে মঙলবাৰে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰাইদেউ জিলাৰ সোণাৰিত ধোদৰ আলি অৱৰোধ কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ-বতাহ কপাই তোলে৷ নাগালিম চুক্তি ৰাজহুৱা কৰা আৰু হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰি সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সোণাৰি শাখাই ৰাজ পথ উত্তাল কৰি তোলে৷ পথ অৱৰোধৰ ফলত সোণাৰি শিৱসাগৰ পথত যাতায়াত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে। সংগঠন দুটাই চৰাইদেউ জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক প্ৰেৰণ প্ৰদান কৰে।