সোণাৰিঃ চৰাইদেউৰ সোণাৰিত ৭০ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সংকল্প যাত্ৰাৰ দ্বিতীয় দিনা সোণাৰিৰপৰা দিছপুৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

কেইবাশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই সংকল্প যাত্ৰাত৷ চৰকাৰবিৰোধী শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি এই বৃহৎ সমদলৰ যাত্ৰা আৰম্ভ কৰে৷ সোণাৰিৰপৰা যোৱা দলটোৱে চেপনত অখিল গগৈৰ নেতৃত্বত শদিয়াৰপৰা অহা দলটোক সংগ প্ৰদান কৰি গোলাঘাট হৈ গুৱাহাটীলৈ যাত্ৰা কৰিব।