29
Dec
2017

তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ নলঘাগুৰি গাঁৱত শুকুৰবাৰে দুপৰীয়া হঠাৎ দৌৰা দৌৰি লাগে৷ গাঁও খনৰ এটি পৰিয়ালত হৈ হাল্লা হোৱাত যিয়ে যেনেকৈ পাৰে দৌৰি আহে এখন ট্ৰাকত আৰু ধান খেৰৰ মেজিত জুই লাগি থকা প্ৰত্যক্ষ কৰে৷
ততাতৈয়াকৈ যিয়ে যেনেকৈ পাৰে জুই নুমুৱাবলৈ চেষ্টা কৰে৷ পৰিয়ালটোত অগ্নিকাণ্ড সংঘটিত হোৱাত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ ৰাইজে জুই নুমুৱাবলৈ কিছু সক্ষম হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি সম্পূৰ্ণ জুই নুমুৱাবলৈ সক্ষম হয়৷ অগ্নিকাণ্ডৰ ফলত ৰখাই থোৱা AS-12-E-7126 নম্বৰৰ ট্ৰাক খনৰ এটা অংশৰ বিস্তৰ ক্ষতি হয় যদিও পৰিয়ালটোৰ বাসগৃহ কথমপি ৰক্ষা পৰে।