তেজপুৰ টাউনঃ ৰেলৰ খুন্দাত ছয়টাকৈ হাতীৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে দিন-দুপৰতে গুলী ফুটুৱাই খেদিব লগা বনৰীয়া হাতীৰ জাক৷

দিনে-নিশাই এতিয়া বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাসত শ-শ লোকৰ নিদ্ৰাহৰণ হৈছে৷ তাৰ পিছতো বন বিভাগে সস্তম হোৱা নাছিল যদিও ৰাইজৰ ৰোষত পৰাৰ ভয়ত যেন সাৰ হে পালে বন বিভাগে৷ দেওবাৰে বালিপৰাৰ অাদাবাৰী চাহ বাগিচাত হঠাৎ লাগিল হাঁহাকাৰ। বাগিচাখনত এটা দিশে ওলাল গুৰুম গুৰুম গুলীৰ শব্দ।

বাগিচাখনৰ চৌদিশে লাগিল দৌৰা দৌৰি৷ গুলীৰ শব্দ মুঠৰ ওপৰত এক যুদ্ধ সদৃশ পৰিৱেশ। কিয়নো দিন দুপৰতে এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰাৰ সময়তে বন বিভাগে গুলী ফুটুৱাই হাতী খেদিব লগা হ’ল৷ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত হাহাকাৰ কৰিব লগা হৈছে শোণিতপুৰৰ ৰাইজে৷

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰৰ্গত বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলত এতিয়া দিনে-নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ বিগত প্ৰায় দুমাহ ধৰি  বনৰীয়া হাতীয়ে তাণ্ডৱে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ৷

কেইবামাহধৰি শোণিতপুৰৰ ৰঙাপৰা, চাৰিদুৱাৰ, বালিপৰাৰ বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাইজক এত্যাচাৰ কৰি আহিছে। হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ লোৱাৰ সময়তে অাদাবাৰী চাহ বাগিচা প্ৰবেস কৰা হাতীৰ জাকটোক খেদিবলৈ শূণ্যতে গুলী চলাবলৈ বাধ্য হ’ল বন বিভাগে৷ এই অঞ্চলটোত নিৰিহ লোকৰ প্ৰাণ হেৰুৱাৰ লগা হোৱাৰ লগতে বনলীয়া হাতীৰো মৃত্যু হৈছে৷

বিগত কেইদিনমান ধৰি ৰঙাপৰা বালিপৰা অঞ্চলত এজাক বৃহৎ বনৰীয়া হাতীয়ে কৃষকৰ পথাৰৰ ধান খায় তহিলং কৰাৰ লগতে বাসগৃহ ভাঙি তাণ্ডৱ চলাই আহিছিল আৰু এই হাতীৰ জাকটো খেদিবলৈ তেজপুৰ সদৰ বনাঞ্চলিক বিষয়াৰ এটা দল আৰু আমাৰীবাৰী বন বিভাগৰ এটা দল অহাত আদাবাৰী চাহ বাগিচাত  যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হয়।