
বালিপৰাঃ ৰাজ্যত হাতী মানুহৰ সংঘাটৰ ফলত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে৷ পাহাৰৰ দাতি নৈৰ পাৰত বসবাস কৰা লোকসকলে হাতীৰ তাণ্ডৱৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
খাদাৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা হাতীৰ জাক সমূবে ঘৰ-বৰ ভাঙি পেলোৱাৰ লগতে খেতি-পথাৰ তহিলং কৰি তাণ্ডৱ অব্যাহত ৰাখিছে৷ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে শোণিতপুৰ জিলাতো অব্যাহত আছে হাতীৰ বনৰীয়া হাতীৰ তাণ্ডৱ৷
তাৰ মাজতে জিলা খনৰ চাৰিদুৱাৰৰ চটাইত শনিবাৰে নিশা এটা হাতীৰ মৃত্যু হয়৷ একাংশ লোকে চটাইৰ পথাৰত হাতীটো পুৱাই পৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগত খবৰ দিয়ে৷ জানিব পৰা ৰোগীয়া হাতীটোৱে খাদ্য ভক্ষণ কৰিব নোৱাৰি মৃত্যু আকোৱালি লয়। আনহাতে অঞ্চলটোক হাতীৰ আক্ৰমণত শনিবাৰে নিশা প্ৰায় ১২ বজাত এজন যুৱকৰ মৃত্যু হয়৷ নিশা সমনীয়াৰ সৈতে ঘৰৰ পৰা বাহিৰত ওলাই অহাত হাতীৰ জাকৰ সন্মুখত পৰে।
ৰিহাজুলি কোচ গাঁৱত যুৱকৰ জনৰ মৃত্যু হয়৷ জানিব পৰা মতে, যোৱা কেইবাদিন ধৰি কোচ গাঁৱত এটি হাতীৰ জাকে থিতাপি লৈ আছে৷ যুৱক জন হাতীৰ জাকৰ সন্মুখত পৰাত এটি জাকৰ পৰা ফালৰি কাটি অহা হাতীয়ে আক্ৰমণ কৰে চন্দন দাস নামৰ যুৱকজনক৷ ফলত যুৱকজন গুৰুতৰ ভাবে আহত হৈ কিছু সময় পিছতে মৃত্যুক আকোৱালি লয়৷