ডিজিটেল ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধী সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে কৰা মন্তব্যত হতচকিত হৈ পৰিছে দেশবাসী। শুকুৰবাৰে ৰায়পুৰৰ এখন সভাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে গান্ধীজিক চতুৰ বণিয়া অখ্যা দিছিল।

ইয়াৰ লগে লগে উত্তপ্ত হৈ পৰে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখন। বিৰোধী কংগ্ৰেছে নেতাগৰাকীৰ এনে মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অমিত শ্বাহক ক্ষমা খুজিবলৈ দাবী জনায়।

অমিত শ্বাহৰ উক্ত মন্তব্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এই সন্দৰ্ভত মুখ খুলিছে গান্ধীজিৰ নাতি গোপালকৃষ্ণ গান্ধীয়ে। গান্ধীজিৰ নাতি তথা পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনক উভতি ধৰি কয় যে তেওঁৰ এনে মন্তব্য সম্পূৰ্ণৰূপে অৰুচিকৰ।

এনে মন্তব্যৰ অন্তৰালত বিজেপিৰ কোনো অসৎ অভিপ্ৰায় লুকাই আছে বুলিও আশংকা ব্যক্ত কৰে প্ৰাক্তন আই এফ এছ বিষয়া গোপালকৃষ্ণই।

'গান্ধীজিয়ে এই কথা জানিব পাৰিলে পাৰে মানে হাঁহিলেহেতেন।’- জাতিৰ পিতাক লৈ এনে আপত্তিজনক মন্তব্য কৰাৰ অধিকাৰ নেতাগৰাকীয়ে ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি এইদৰে কয় গোপালকৃষ্ণই। 

বিষয়টোক লৈ ছ'চিয়েল মিডিয়াতো অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। অধিকাংশ লোকে ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছে যে বিজেপিয়ে তেওঁলোকে সমৰ্থন কৰা কোনো কথাক লৈ অইনে সমালোচনা কৰিলেই জেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

তাৰ বিপৰীতে তেওঁলোকে নিজেই আনহে নালাগে জাতিৰ পিতাকো অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰে। এয়া বিজেপি দলটোৰ দ্বিচাৰিতা আৰু ভণ্ডামি বুলিও মন্তব্য কৰিছে বহুতে।