
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ দৰঙ্গীয়াল গাঁও নিৱাসী বিশিষ্টা মহিলা নেত্ৰী তথা হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য্যা , কাৰ্যালয় প্ৰমুখ চেতনা হাজৰিকাৰ কালি নিশা আকস্মিক বিয়োগ ঘটে ৷ জানিব পৰা মতে কালি দিনৰ ভাগত তেওঁ সুস্থভাৱেই তেওঁৰ কৰ্মস্থলী স্থানীয় ব্ৰাহ্মনগাঁওস্থিত হাতীচোং শংকৰদেৱ বিদ্যানিকেতনত নিয়াৰীকৈ কতব্য পালন কৰি আহি সন্ধ্যাও ঘৰৰ সমীপৰে এঘৰত ছাত্ৰ -ছাত্ৰীৰ পঢ়াশুনাৰ খবৰ ল’বলৈ গৈছিল ৷ তাৰপাছতে ঘৰলৈ উভতি আহি তেঁও হঠাৎ শ্বাস প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাত নিজেই এগৰাকী চৰকাৰী ফাৰ্মাচিষ্টৰ লগত যোগাযোগ কৰি গেছ আৰু বমিৰ দুটাকৈ বেজী গ্ৰহন কৰে যদিও তাৰ পাছতে তেঁওৰ অৱস্থা গুৰুতৰ হৈ পৰে আৰু চিকিৎসালয়লৈ নিবলৈ যো-জা কৰাৰ সময়তে তেওঁ শেষ নিস্বাস ত্যাগ কৰে ৷
চকলাঘাটৰ পুৰোধা ব্যক্তি, শিক্ষাবিদ প্ৰয়াত চক্ৰধৰ হাজৰিকাৰ জীয়ৰী চেতনা হাজৰীকা আছিল বৃহত্তৰ অঞ্চলটোৰ এগৰাকী অক্লান্ত মহিলা নেত্ৰী আৰু সংগঠক৷ পাৰহৈ যোৱা ৰাস উৎসৱত অঞ্চলৰ মহিলা সকলে “ ৰিতু বাইদেউ ”ৰূপে পৰিচিত এই গৰাকী মহিলাৰ নেতৃত্বতে আঞ্চলিক ৰাস উৎসৱত আটকধুনীয়াকৈ এখন অংকীয়া ভাওঁনা মঞ্চস্থ কৰিছিল ৷ ইয়াৰ পূৰ্বেও তেওঁৰ নেতৃত্বতেই স্থানীয় মহিলা সকলে সাহিত্য সভা, ছাত্ৰ সন্থাৰ অধিধেশকে ধৰি বিভিন্ন অনুষ্ঠানত কোৰাছ , ৰাস , ভাওঁনা আদি পৰিবেশন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছিল ৷
সংসাৰৰ মায়াজালত নোসোমাই সমাজ সেৱাকে জীৱনৰ ব্ৰত হিছাপে লোৱা চেতনা হাজৰিকাই এগৰাকী আচাৰ্যা আৰু কাৰ্যালয় প্ৰমুখ ৰূপে অঞ্চলটোৰ অগ্ৰনী শিক্ষানুষ্ঠান হাতীচোং শংকৰদেৱ শিশু বিদ্যানিকেতনৰ বাবে আমৃত্যু পৰ্যন্ত অপৰিসীম সেৱা আগবঢ়াই থৈ যায় ৷ আজি পুৱা এক পুস্প সজ্জিত বাহনত তেওঁৰ নশ্বৰ দেহ কৰ্মস্থলীলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয় আৰু বিদ্যানিকেতনৰ প্ৰাংগনত ছাত্ৰ-ছাত্ৰী , আচাৰ্য্য -আচাৰ্য্যা সকলৰ লগতে পৰিচালনা সমিতিয়ে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷
ব্ৰাহ্মন গাঁও চাৰিআলিত যুৱক সকলে অন্তিন শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ কাৰ্যালয়ত চকলাঘাট ৰাস মন্দিৰ, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট শাখা সাহিত্য সভা, চকলাঘাট আঞ্চলিক ক্ৰীড়া সংন্থাৰ লগতে বিভিন্ন দল সংগঠন আৰু অঞ্চলৰ মহিলা সকলে অন্তিম শ্ৰদ্ধা নিবেদন কৰে ৷ চেতনা হাজৰিকাৰ আকস্মিক বিয়োগত আজি সমগ্ৰ অঞ্চলটো শোকস্তব্ধ হৈ পৰে৷ মৃত্যুৰ সময়ত তেঁও দুই ভতিজা, এগৰাকী ভাতৃ, ভাইবোৱাৰী সহ চাৰিগৰাকী বাই-ভনীসহ বহুতো ইষ্ট কুতুম্বক এৰি থৈ যায় ৷
জয়ন্ত মুদৈ,নগাঁও