কালিলৈৰ পৰা কাজিৰঙাত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাস্থ্য সন্মিলন
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু কাজিৰঙাবাসী

কাজিৰঙাঃ ভাল আৰু বিশ্বাস যোগ্যতাৰে 'ৰাজ্যৰ স্বাস্থ্য খণ্ডক আগুৱাই নিবলৈ চিকিৎসকৰ ভূমিকা’ শীৰ্ষক পঞ্চমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অসমত পোন প্ৰথমবাৰৰ বাবে কাজিৰঙাত ৩০ অক্টোবৰৰ পৰা ১ নবেম্বৰলৈকে অনুষ্ঠিত হ’ব ৷ কাজিৰঙাৰ বিলাসী বৰগছ ৰিজৰ্টত অহা ৩০ অক্টোবৰৰ পৰা ১ নবেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে।
উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নদ্দা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল আদিকে ধৰি আন কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী সকল। তদুপৰি দেশৰ আটাইকেইখন ৰাজ্যৰ স্বাস্থ্য সঞ্চালক, যুটীয়া স্বাস্থ্য সঞ্চালক, NRHM ৰ সঞ্চালক-উপ সঞ্চালক, উচ্চ পদস্থ স্বাস্থ্য বিষয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনত উপস্থিত থাকিব।
ইপিনে, VVIP/VIP সকলক আদৰিবলৈ এতিয়া সম্পূৰ্ণ সাজু কাজিৰঙাবাসী। কাজিৰঙাৰ জীপ-চাফাৰী সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখন কাজিৰঙাত অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰাৰ বাবে VVIP/VIP সকলৰ বাবে ৩০০ খন জীপছী ইতিমধ্যে সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে সন্থাৰ সভাপতি তুলসী বৰদলৈয়ে।
আনহাতে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি দুৰ্ভেদ্য দূৰ্গত পৰিণত কৰি তোলা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাক। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হৈছে কাজিৰঙাৰ এই সন্মিলনখনখনলৈ আহিবলগীয়া বিশিষ্ট ব্যক্তি সকলৰ নিৰাপত্তাৰ বাবে ৷ বোকাখাতৰ পৰা কঁহৰালৈকে কেইবাখনো আদৰণি তোৰণ নিৰ্মাণ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে-কাষে আৰি দিয়া হৈছে আদৰণি বেনাৰ-পোষ্টাৰ আদি৷
৩০ অক্টোবৰৰ পুৱাৰ ভাগতে অনুষ্ঠিত হ’ব এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখন ৷ সন্মিলনখনত ৩৯ টা স্বাস্থ্য সম্পৰ্কীয় বিষয় উপস্থাপন কৰি সেই বিষয় কেইটাৰ ওপৰত আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে ভাৰত চৰকাৰৰ যুটীয়া স্বাস্থ্য সচিব ড° মনোহৰ আগনানিয়ে। আনহাতে, ৩০ অক্টোবৰৰ দিনৰ ১২:৩০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোকাখাতৰ ধনশিৰি মুখত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ অসমৰ অধীনত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ লোৱা কাজিৰঙা উপ প্ৰকল্পৰ, ২য় পৰ্য্যায়ৰ আচঁনিৰ আধাৰশিলাও স্থাপন কৰিব ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মা, বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি ও পশুপালন আৰু নগৰ পৰিকল্পনা বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ৷