newsnextoneমাজুলীঃ অহাকালি ৰাতিপুৱা ৯ বজাত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মাজুলীত উপস্থিত হ’ব। মুখ্যমন্ত্ৰী গৰাকীয়ে কমলাবাৰীৰ পৰা ফেৰীৰে আহি গড়মূৰত এখন সভাত উপস্থিত হোৱাৰ কথা। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম‍্য আচনিৰ অধীনত নিৰ্মান কৰা ২৮ টা কৈ পথ উজনি মাজুলীত উদ্বোধন কৰিব আৰু লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীৰ কেইবাটাও পথ পৰিদৰ্শন কৰিব আৰু লগতে শ্ৰী শ্ৰী মাধৱদেৱ কৃষ্টি কাকতিবাৰীত উপস্থিত হব।

কল্পজিৎ শইকীয়া,মাজুলী