গোলকগঞ্জঃ শ্ৰেণীকাঠা এৰি প্ৰতিবাদত নামিল ধুবুৰি জিলাৰ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ মঙলবাৰে মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ একতা সভাত সভাপতি আৰু উপ-সভাপতি পদ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়৷

ছাত্ৰ-ছাত্ৰীয়ে চাৰি ঘণ্টাধৰি ধৰ্ণা প্ৰদান কৰি মহাবিদ্যালয় চৌহদ উত্তাল কৰে৷ মহাবিদ্যালয় খনৰ ২০১৭-১৮ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু উপ-সভাপতি পদৰ অন্তৰ্ভুক্ত নকৰিলে পুনৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে৷

জানিব পৰা মতে, মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাত সভাপতি আৰু উপ-সভাপতি পদ ৰখা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই৷ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত অৱশেষত ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷