
গোলকগঞ্জঃ ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি এগৰাকী ছাত্ৰ মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ হ’ব লগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰাত মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয় খনৰ পৰা বহিস্কাৰ কৰে৷ ইতিমধ্যে এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি এই কাণ্ডক গৰিহণা দিয়ে৷
জানিব পৰা মতে, মহাবিদ্যালয় খনৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ চৰ্চা এতিয়া বাটে-ঘাটে৷ ভাৰত চৰকাৰৰ Rashtriya Uchchatar Shiksha Abhiyan চমুকৈ RUSA, বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচি, কলেজ পুঁজিৰে ৰূপায়ণ কৰা আঁচনিৰ নামত ব্যাপক ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন হয়৷ আঁচনিৰ অধিনত আৱন্টন দিয়া এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শ্ৰেণী কোঠা, কাৰ্যালয় গৃহ দুটা বছৰ নৌহওঁতেই পকী দেৱাল আৰু ছাডত চিৰাল ফাট মেলে৷
অতি নিম্নমানৰ সামগ্ৰীৰে গৃহ নিৰ্মাণ কৰাৰ ফলত এতিয়া ছাঁদ খহি পৰাৰ লগতে পকীদেৱাল খহি পৰাৰ আশংকাত সময় পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে৷ আনহাতে শেহতীয়াকৈ ৭৫ লাখ টকাৰে নিৰ্মিত কৰি থকা ছাত্ৰী নিৱাসৰ কামতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় মহাবিদ্যালয়খনত পাঠদান নোহোৱাৰো অভিযোগ উত্থাপন কৰে খোদ ছাত্র একতা সভাৰ কৰ্তৃপক্ষই।
তাৰ পিছতেই মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ নেতা তথা মহাবিদ্যালয় খনৰ ছাত্ৰ চন্দন ৰায়ক ২১ দিনৰ বাবে মহাবিদ্যালয় খনৰ পৰা বহিস্কাৰ কৰে৷ মহাবিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিবৃতি যোগে সংগঠনটোৱে ছাত্র নেতা চন্দন ৰায়ে গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণ, ছাত্ৰী নিবাস নিৰ্মাণত হোৱা অনিয়মকে ধৰি মহাবিদ্যালয়খনৰ সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে আপোচ বিহীন সংগ্ৰাম চলাই দুৰ্নীতিৰ তদন্তৰ দাবীত চন্দন ৰায়ৰ নেতৃত্বত অনশনত বহিছিল বুলি কয়।
ছাত্ৰ নেতাজনক গোলকগঞ্জ আৰক্ষীয়ে নিশা অনশনথলীৰ পৰা উঠাই আনি থানাত আবদ্ধ কৰি ৰাখে যদিও তেওঁ অনশন অব্যাহত ৰাখে। চিলাৰায় মহাবিদ্যালয়ত চলি থকা এনে অনশনৰ পৰিপ্ৰেক্ষিত ধুবুৰী জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ দুৰ্নীতিৰ তদন্ত ঘোষণা কৰে। মহাবিদ্যালয়খনত অতিৰিক্ত জিলা উপায়ুক্ত উপস্থিত হৈ গৃহত ফাট মেলাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ সন্মুখত।
স্বাভাৱিকতে ছাত্ৰ নেতা চন্দন ৰায়ৰ নেতৃত্বৰ আন্দোলনৰ ফলত তদন্ত ঘোষণা কৰাত আতংকই বিৰাজ কৰিছে মহাবিদ্যালয়ৰ ভিতৰচৰাৰ একাংশ লোকৰ মাজত৷ যাৰ ফলত ছাত্র নেতা জনক অযুক্তিকৰ কাৰণ দেখুৱাই ২১ দিনৰ বাবে বহিস্কাৰ কৰে৷ ধুবুৰী জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে অযুক্তিকৰ কাৰণত আক্ৰোশমূলক ভাবে চন্দন ৰায়ক বহিস্কাৰ কৰা কাৰ্যক সকীয়াই দি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্র সংগঠনটোৱে।