
ডিজিটেল ডেস্কঃ নাতিয়েকে অকা ছবিয়ে পোহৰলৈ আনিলে ককাকৰ অপৰাধ৷ উক্ত ঘটনা সংঘটিত হৈছে দিল্লীত৷ ২০১৪ চনৰ পৰা শিশুটিক যৌন নিৰ্যাতন কৰি আহিছিল ককাকে৷
কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত হাত সাৰি গৈছিল ককাক৷ আনকি নাতিয়েকে মিছা কোৱা বুলি ককাকে অভিযোগ তুলিছিল৷ ২০১৪ ত শিশুটিৰ স্বাস্থ্য পৰীক্ষাত যৌন নিগ্ৰহৰ কথা ধৰা পৰে৷
কাউঞ্চেলিঙত শিশুটোৱে সমগ্ৰ কথা বিৱৰি কয়৷ ২০১৬ ত গ্ৰেপ্তাৰ হয় শিশুটিৰ ককাকক৷ উক্ত গোচৰৰ শুনানী চলাৰ সময়ত আদালতৰ ভিতৰত শিশুটোক শান্ত কৰি ৰাখিবলৈ দিয়া হয় বহী আৰু কলম৷
তেতিয়াই শিশুটোৱে আকি পেলায় এখনৰ পিছত এখন মৰ্মস্পদ ছবি৷ সেই ছবিসমুহৰ ওপৰত ভিত্তি কৰিয়েই বিচাৰকে দোষী সাব্যস্ত কৰে অপৰাধীক৷
উক্ত কন্যা শিশুটোৰ মাতৃৰ মৃত্যু হৈছে বহুবছৰ পুৰ্বে৷ মাকৰ মৃত্যুৰ পিছতেই শিশুটোক দিল্লীত ককাকৰ ঘৰত থৈছিল পিতৃয়ে৷ তেতিয়াই আইতাকৰ অনুপস্থিতিত ককাকে চলাই আহিছিল যৌন নিৰ্যাতন৷